Saturday, April 11, 2020

চতুৰ্থ মান - পৰিৱেশ

Educational site লৈ স্বাগতম 

পাঠ-১      পৰিয়াল 



১। চমু উত্তৰ দিয়া

(ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে ?
উত্তৰ : পৰিয়াল এটা মুৰব্বীয়ে পৰিচালনা কৰে ।
(খ) অনিতাৰ পৰিয়ালৰ সদস্য  কেইজন ?
উত্তৰ: অনিতাৰ পৰিয়ালৰ সদস্য  ।
(গ) অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত ?
উত্তৰ: অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত । 
(ঘ) শশাংকুৰ পৰিয়ালটো কি পৰিয়াল ?
উত্তৰ: শশাংকুৰ পৰিয়ালটো হৈছে একক পৰিয়াল ।

২। খালী ঠাই পূৰ কৰা -

(ক) সমাজৰ এটা প্ৰাথমিক গোট হল        ..................... ।
উত্তৰ ঃ  পৰিয়াল ।
(খ) পৰিয়াল এটা শৃংখলাবদ্ধভাবে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা................. থাকে ।
উত্তৰঃ কিছুমান নীতি নিয়ম। 
(গ)  শশাংকুৱে ধুনীয়া................ আঁকে।
উত্তৰঃ ছবি। 
(ঘ)   শিক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা......... ৰে বুজায় ।
উত্তৰঃ ইংগিত আৰু অংগ ভংগী। 

৩। উত্তৰ লিখা-

(ক) একক পৰিয়াল বুলিলে কি বুজা? 
উত্তৰঃ কেৱল মাক-দেউতাক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বুলি কোৱা হয়।
(খ) শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে? 
উত্তৰঃ শশাংকুৱে ভালদৰে কথা ক'ব নোৱাৰে বাবে ইংগিতেৰে কথা পাতে।
(গ) যৌথ পৰিয়াল বুলিলে কি বুজা? 
উত্তৰঃ ককাক-আইতাক, খুড়াক-খুড়ীয়েক, পেহীয়েক, মাক-দেউতাক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালী সকলোৱে একেলগে থকা পৰিয়ালক যৌথ পৰিয়াল বুলি কোৱা হয়। 
(ঘ) শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত কি কি কৰে? 
উত্তৰঃ শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত একেলগে বেঞ্চত বহে, পঢ়া-শুনা কৰে আৰু নানা ধৰণৰ খেল খেলে। 
৪।'ক' অংশৰ লগত 'খ' অংশ মিলোৱা - 
 উত্তৰঃ 
দেউতাকৰ ককায়েক - বৰদেউতা 
ককাৰ দেউতাক - আজোককা
দেউতাৰ মাক - আইতা 
মাৰ ভায়েক - মামা 
দেউতাৰ ভনীয়েক - পেহী 
মাৰ দেউতাক - ককা 


পাঠ-2       উৎসৱ 

১। চমু উত্তৰ লিখা
(ক) শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? 
উত্তৰঃ গুৰুনানক জয়ন্তী ।
(খ) বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? 
উত্তৰঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী। 
(গ) অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? 
উত্তৰঃ ভোগালী বিহু। 
(ঘ) ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয়? 
উত্তৰঃ কাইকোট্টিকালি নৃত্য ।
(ঙ) দশেৰা উৎসৱৰ লগত একেসময়তে পূৱ ভাৰতত পালন কৰা উৎৱটো কি?  
উত্তৰঃ দুৰ্গা পূজা। 
(চ) বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম কি? 
উত্তৰঃ চট্ পুজা।


পাঠ-৩       পানী 

১। উত্তৰ লিখা

(ক) পানীৰ উৎসসমুহ কি কি ? 
উত্তৰঃ কুৱা, দমকল, খাল-বিল, নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ ইত্যাদি। 
(খ) ভূ-গৰ্ভত পানী নাটনি হব পৰা দুটা কাৰন লিখা ।
উত্তৰঃ ১। গছ-গছনিৰ সংখ্যা কমি গলে ।
২। অপ্ৰয়োজনীয়ভাবে ভূ-গৰ্ভৰ পানী খৰচ কৰিলে ।
(গ) বতাহত ভাঁহি থকা পানীৰ কনিকাবোৰক কি বুলি কোৱা হয় ?
উত্তৰঃ ডাৱৰ ।
(ঘ) কুঁৱাৰ পানীৰ উৎস কি ?
উত্তৰঃ ভূগৰ্ভস্থ পানী বা ভূ-জল ।
(ঙ) নৈ, হ্ৰদ, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিবৰ্তন কৰে ?
উত্তৰঃ সূৰ্যৰ তাপে ।
 ২। শুদ্ধ উত্তৰটোত   চিন দিয়া-
(ক) পুখুৰীৰ পানী হৈছে ভূ-পৃষ্ঠৰ / ভু-গৰ্ভৰ পানী ।
উত্তৰঃ পুখুৰীৰ পানী হৈছে ভূ-পৃষ্ঠৰ পানী ।
(খ) বৰষুনৰ পানী মাটিৰে নিগৰি দমকলেৰে ভূ-গৰ্ভ পায়।
উত্তৰঃ বৰষুনৰ পানী মাটিৰে নিগৰি ভূ-গৰ্ভ পায়।
(গ) পকী ঠাইৰে  মাটিৰে পানী সহজে নিগৰি ভূ-গৰ্ভলৈ যাব পাৰে।
উত্তৰঃ মাটিৰে পানী সহজে নিগৰি ভূ-গৰ্ভলৈ যাব পাৰে।
(ঘ) শিল বৰষুনত শিল বৰফ পৰে।
উত্তৰঃ শিল বৰষুনত বৰফ পৰে।

৩। খালী ঠাই পুৰ কৰা-
(ক) দমকলৰ পানীৰ উৎস হৈছে .......................।
উত্তৰঃ ভূগৰ্ভস্থ পানী বা ভূ-জল ।
(খ) পৰ্বতৰ শীতল অঞ্চলত পানী ..............হিচাপে থাকে।
উত্তৰঃ বৰফ ।
(গ) সাগৰৰ পানী .............।
উত্তৰঃ লুনীয়া ।
                                পাঠ-৪      ৰাষ্ট্ৰ্ৰীয় দিৱস

১।  উত্তৰ লিখা

(ক)ভাৰতৰ জাতীয় পতাকাখনক কিয় ত্ৰিৰংগ পতাকা বুলি কোৱা হয় ?
উত্তৰ ভাৰতৰ জাতীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগ পতাকা বুলি কোৱা হয় ।
(খ) জাতীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যবহাৰ কৰোঁ  
উত্তৰঃ জাতীয় প্ৰতীকৰ মোহৰটো আমি চৰকাৰী কাগজ-পত্ৰ, ডাক-টিকট, পোষ্ট কাৰ্ড আদিত ব্যবহাৰ কৰোঁ । 
(গ) ভাৰতবৰ্ষই কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে ?
উত্তৰ: ভাৰতবৰ্ষই ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে । 
(ঘ) জাতীয় পতাকাৰ ব্যবহাৰৰ তিনিটা নিয়ম লিখা ।
উত্তৰ:  জাতীয় পতাকাৰ ব্যবহাৰৰ তিনিটা নিয়ম হল- 
১। সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে ।
২। জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে।
৩। জাতীয় পতাকাখন টেবুল বা অইন  কোনো বস্তুৰ ওপৰত পাৰিব নালাগে।
(ঙ) জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম লিখা ।
উত্তৰ ঃ জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম হল- 
১। গনতন্ত্ৰ দিৱস আৰু ২। স্বাধীনতা দিৱস ।
             পাঠ-৫  - বায়ু
১। উত্তৰ লিখা -
(ক) বায়ুত থকা প্ৰধান গেছবোৰ কি কি?
উত্তৰঃ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন ইত্যাদি। 
(খ) বায়ু প্ৰদূষিত হোৱাৰ তিনিটা কাৰণ।
উত্তৰঃ প্লাষ্টিক পুৰিলে, চিগাৰেট হুপিলে আৰু হাবি বনত জুই লাগিলে সেইবোৰৰ পৰা ওলোৱা ধোৱাই বায়ু প্ৰদূষিত কৰে। 
(গ) বায়ু প্ৰদূষিত নহ'বলৈ কি কি ব্যৱস্থা ল'ৱ পাৰি?
উত্তৰঃ ১। গছ-গছনি বেছিকৈ ৰোপণ কৰিব লাগে। 
২। জৈৱিক কীটনাশকৰ ব্যৱহাৰ কৰিব লাগে। 
৩। মৰা জীৱ-জন্তু আদি গাতত পুতি থব লাগে। 
(ঘ) ৰোগৰ বীজাণু বায়ুমণ্ডললৈ কেনেকৈ বিয়পে? 
উত্তৰঃ ৰোগৰ বীজাণু মানুহৰ হাঁচি-কাহৰ লগত ওলাই বায়ুমণ্ডললৈ বিয়পে। 
(ঙ) বায়ুত থকা কোনবিধ গেছ আমাৰ আটাইতকৈ প্ৰয়োজনীয়? 
উত্তৰঃ অক্সিজেন গেছ। 

২। তলৰ শুদ্ধ বাক্যবোৰ শুদ্ধ বুলি আৰু অশুদ্ধবোৰ শুদ্ধকৈ লিখা।
(ক) জাৱৰ-জোঁথৰবোৰ য'তে ত'তে পেলাব লাগে।
উত্তৰঃ জাৱৰ-জোঁথৰ য'তে ত'তে পেলাব নালাগে।
(খ) প্লাষ্টিকৰ বস্তু পচনসাৰৰ গাঁতত পেলাব লাগে।
উত্তৰঃ প্লাষ্টিকৰ বস্তু পচনসাৰৰ গাঁতত পেলাব নালাগে।
(গ) গছ-গছনি বেছিকৈ ৰুই বায়ু প্ৰদুষণ ৰোধ কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
(ঘ) কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে।
উত্তৰঃ শুদ্ধ।
(ঙ) জাৱৰ-জোঁথৰবোৰ পুৰিলে বায়ুত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ে।
উত্তৰঃ শুদ্ধ। 
৩। চমু