১) উত্তৰ লিখা -
(ক) চাৰিবিধ বৃক্ষৰ নাম
উত্তৰঃ আম, জাম, কঁঠাল, শাল।
(খ) অসমত পোৱা দুবিধ মূল্যবান কাঠৰ নাম
উত্তৰঃ শাল আৰু চেগুন।
(গ) দুবিধ লতা জাতীয় উদ্ভিদৰ নাম
উত্তৰঃ লাউ আৰু ভোল।
(ঘ) ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম
উত্তৰঃ তুলসী আৰু নিমপাত।
(ঙ) গছৰ শিপাৰ দুটা কাম
উত্তৰঃ ১) গছৰ শিপাই মাটিৰ পৰা পানী শুহি লয়।
২) গছৰ শিপাই মাটিত খামুচি ধৰি গছজোপা থিয় কৰি ৰখাত সহায় কৰে।
২) 'ক' অংশৰ লগত 'খ' অংশ মিলাই লিখা -
(সম্পূৰ্ণ প্ৰশ কিতাপৰ পৰা চাই লব)
উত্তৰঃ চিত্ৰনলা গছৰ পৰা - তেল উলিওৱা হয়।
তেজপাত - ৰন্ধা-বঢ়া কামত ব্যবহাৰ কৰা হয়।
চাহ গছৰ পাতৰ পৰা - চাহপাত প্ৰস্তুত কৰা হয়।
নিম গছৰ পাত - কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়।
৩) খালী ঠাই পূৰ কৰা -
(ক) গছে _______ ৰ দ্বাৰা পানী শুহি লয়।
উত্তৰঃ শিপা
(খ) চাহ গছবোৰ চাপৰ আৰু ____________ ।
উত্তৰঃ জোপোহা
(গ) কিছুমান ____________ শাক হিচাপে ৰান্ধি খোৱা হয়।
উত্তৰঃ পাত
(ঘ) টকৌ পাতেৰে __________ সজা হয়।
উত্তৰঃ জাপি
৪) শুদ্ধকৈ লিখা -
(ক) বাঁহ গছ গুল্ম /বৃক্ষ /তৃণ জাতীয় উদ্ভিদ।
উত্তৰঃ বাঁহ গছ তৃণ জাতীয় উদ্ভিদ।
(খ) গুল্ম জাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ডাঙৰ।
উত্তৰঃ গুল্ম জাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু।
(গ) বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছ বৰ টান/কোমল।
উত্তৰঃ বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছ বৰ টান।
(ঘ) তাল/আম/নিম গছৰ পাতেৰে বিচনী সজা হয়।
উত্তৰঃ তাল গছৰ পাতেৰে বিচনী সজা হয়।
পাঠ - ২ ফুল
১) উত্তৰ লিখা -
(ক) চাৰিবিধ ফুলৰ নাম
উত্তৰঃ গোলাপ, তগৰ, পদুম, জবা।
(খ) দুবিধ গোন্ধ নথকা ফুলৰ নাম
উত্তৰঃ জবা, নয়নতৰা।
(গ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম
উত্তৰঃ গোলাপ, তগৰ, নাৰ্জী।
(ঘ) এবিধ ৰাতি ফুলা ফুলৰ নাম
উত্তৰঃ শেৱালি।
২) শুদ্ধ / অশুদ্ধ লিখা -
(ক) ফুলৰ পৰা তেল প্ৰস্তুত কৰা হয়।
উত্তৰঃ শুদ্ধ
(খ) গোলাপ ফুলৰ গোন্ধ নাই।
উত্তৰঃ অশুদ্ধ
(গ) ৰাতি ফুল নুফুলে
উত্তৰঃ অশুদ্ধ
(ঘ) ফুলেৰে বিভিন্ন ধৰনৰ মালা গঁথা হয়।
উত্তৰঃ শুদ্ধ
(ঙ) কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা-নিৰ্বাহ কৰে।
উত্তৰঃ শুদ্ধ
৩) ফুলৰ তিনিটা ব্যৱহাৰ লিখা।
উত্তৰঃ ফুলেৰে ঔষধ, ৰং, প্ৰসাধন সামগ্ৰী আদি তৈয়াৰ কৰা হয়।
৪) 'ক' অংশৰ লগত 'খ' অংশ আঁচ টানি মিলোৱা -
(সম্পূৰ্ণ প্ৰশ্ন কিতাপত চাই লব)
উত্তৰঃ
গোন্ধ নথকা ফুল - জবা
পানীত ফুলা ফুল - ভেঁট
শীতকালত ফুলা ফুল - নাৰ্জী
ৰাতি ফুলা ফুল - শেৱালি
বসন্ত কালত ফুলা ফুল - তগৰ
৫) খালী ঠাই পূৰ কৰা -
(ক) মৌ-মাখিয়ে ফুলৰ মৌ চুহি ________তৈয়াৰ কৰে।
উত্তৰঃ মৌ-জোল
(খ) ________ ফুলক আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বোলে।
উত্তৰঃ পদুম
(গ) কপৌ ফুল ________ কালত ফুলে।
উত্তৰঃ বসন্ত
(ঘ) অবাবত ফুল ছিঙিব __________ ।
উত্তৰঃ নালাগে
No comments:
Post a Comment